বুৰঞ্জী শব্দৰ অৰ্থ, বুৰঞ্জীৰ শ্ৰেণীবিভাগ আৰু সংখ্যা।
“বুৰঞ্জী” আহোম ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল পুৰণি কথাৰ বর্ণনা, পুনাবৃত্ত, ইতিহাস। আহোম ভাষাত ‘বু’ মানে ‘মূর্খ’, ‘ৰণ’ মানে ‘শিক্ষা’, আৰু ‘জী’ মানে ভঁৰাল অর্থাৎ বুৰঞ্জী মানে ‘মূৰ্খৰ শিক্ষাৰ ভঁৰাল’, বা ‘নজনা কথাৰ ভঁৰাল’। বুৰঞ্জী শব্দৰ সমাৰ্থক ইংৰাজী শব্দ হ’ল ‘হিষ্টৰি’। ই প্রাচীন ঐতিহ্যপূর্ণ গ্রীক ভাষাৰ ‘হিষ্টৰু’ শব্দৰ পৰা আহিছে। ‘হিষ্টক’ মানে জনা। প্রাচীন যুগত ইউৰোপত বিশেষকৈ গ্ৰীচ দেশত বুৰঞ্জী লিখাৰ চৰ্চা আছিল। তেওঁলোকে নিজে জনা বা নিজে দেখা কথাবোৰ লিপিবদ্ধ কৰি ৰাখিছিল। ইয়ে জ্ঞান বিস্তাৰ পদ্ধতিৰ ইংগিত দিয়ে। আমাৰ দেশত বুৰঞ্জীৰ সমাৰ্থক ৰূপত ‘ইতিহাস’ শব্দৰ প্ৰয়োগ কৰা হয়। ‘ইতিহাস’ শব্দটো মূলতঃ সংস্কৃত। ইয়াৰ ধাতুগত অর্থ হ’ল— ইতিহ+আস+মঞ অর্থাৎ ইতিহাস শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল পৰম্পৰাৰ অনুৰূপতাৰ লগত খাপ খোৱা ঘটনাৰাশিৰ বৰ্ণনা। প্রাচীন কালত পণ্ডিতসকলে ধর্ম, অর্থ, কাম, মোক্ষ এই চতুবৰ্গৰ সাধনৰ বাবে সন্নিৱিষ্ট বিৱৰণকেই ইতিহাস বুলিছিল। বর্তমান ইতিহাস শব্দই চতুবৰ্গৰ আবেষ্টনীৰ পৰা আঁতৰি আহি বুৰঞ্জী বা হিষ্টৰীৰ লগত একীভূত হৈ পৰিছে। বিষয়গত অৰ্থৰ দিশৰ পৰা এইতিনিওটা সমার্থ প্রকাশক আৰু সম-মর্যাদা বিশিষ্ট।
বিষয়বস্তু অনুসৰি বুৰঞ্জীসমূহক কেইবাটাও ভাগত ভাগ কৰিব পৰা যায়। প্রসিদ্ধ বুৰঞ্জীবিদ ড° সূৰ্য্য কুমাৰ ভূঞাদেৱে বিষয়বস্তু আৰু সময়ৰ ফালৰ পৰা এই দেশৰবুৰঞ্জীসমূহক তিনিটা শাখাত বিভক্ত কৰিছে। সেয়া হৈছে—
(ক) ৰজা ভগদত্তৰ দিনৰে পৰা আহোম ৰাজত্বৰ আৰম্ভণিলৈ (১২২৮ খ্রীঃ) প্রাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ অসংলগ্ন ইতিহাস।
(খ) আহোম ৰজাসকলৰ ১২২৮ খ্রীঃৰপৰা তেওঁলোকৰ ৰাজত্বৰ শেষ কাললৈকে বা ১৮২৬ খ্ৰীঃ বা তাৰো পিছলৈকে থকা আহোম ৰাজ্যৰ বুৰঞ্জী।
(গ) অসমৰ বাহিৰে ওচৰ-চুবুৰীয়া অন্য দেশৰ বুৰঞ্জী।আকৌ আহোম যুগৰ বুৰঞ্জী বিলাকৰ বিষয়বস্তু অনুধাবন কৰি ড° লীলা গগৈয়ে বুৰঞ্জীসমূহক আৰু কেইটামান ভাগত ভাগ কৰি দেখুৱাইছে। এই ভাগকেইটা হ’ল—
(ক) প্ৰাক্ আহোম যুগৰ বুৰঞ্জী।
(খ) আহোম যুগৰ বা আহোম ৰজাৰ বুৰঞ্জী।
(গ) অন্য ৰাজ্যৰ বুৰঞ্জী।
(ঘ) কটকী বুৰঞ্জী।
(চ) চকীয়ালৰ বুৰঞ্জী।
(ছ) চাং-ৰু ফুকনৰ বুৰঞ্জী।
আহোম ৰজাসকলে অসমত ৰাজত্ব কৰাৰ পূৰ্বে যিসকল ৰজাই এই দেশত (প্রাচীন কামৰূপ) ৰাজত্ব কৰিছিল, তেওঁলোকৰ ৰাজত্বকালৰ বংশাৱলী আৰু কাম- কাজ প্ৰভৃতিৰ বিৱৰণ লিখি ৰখা হৈছিল। আহোম ৰাজত্ব কালৰ বুৰঞ্জী ৰচকসকলে সেই লিখিত বিৱৰণৰ পৰা সমল সংগ্ৰহ কৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ বুৰঞ্জী ৰচনা কৰিছিল। এনে বুৰঞ্জীৰ সংখ্যা তেনেই তাকৰীয়া।
আহোম ৰজাসকলৰ ৰাজত্ব কালত সংঘটিত বিবিধ ঘটনাক কেন্দ্র কৰি ৰচনা কৰা হৈছিল— আহোম যুগৰ বুৰঞ্জীসমূহ। এনে বুৰঞ্জীৰ সংখ্যা আটাইতকৈ বেছি। এনেবোৰ বুৰঞ্জীৰ তথ্যপাতি নিৰ্ভৰযোগ্য।
আহোমসকলে দাঁতিকাষৰীয়া ৰাজ্য, যেনে— কছাৰী, চুতীয়া, জয়ন্তী, মণিপুৰ, ত্ৰিপুৰা আদিৰ লগত সততে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কোনো কোনো সময়ত সেইবোৰ ৰাজ্যৰ সৈতে যুদ্ধাদিও সংঘটিত হৈছিল। আহোম ৰাজত্ব কালৰ বুৰঞ্জী ৰচকসকলে সেইবোৰ কথাও লিপিবদ্ধ কৰি ৰাখিছিল। ফলস্বৰূপে সৃষ্টি হৈছিল দাঁতিঅলীয়া বুৰঞ্জীসমূহৰ। এনেবোৰ বুৰঞ্জীয়ে দাঁতিকাষৰীয়া প্ৰভৃতিৰ সম্ভেদ দিয়ে। আহোম ৰজাসকলে দাঁতি কাষৰীয়া ৰাজ্যৰ উপৰি আঁতৰৰ অন্যান্য ৰাজ্যলৈ ৰাজকাৰ্য পৰিচালনাৰ কথাৰ উপৰি অন্যান্য বিবিধ দিশৰ সম্ভেদো লিখিতভাবে ৰজাক অৱগত কৰিছিল। এনেদৰেই অন্য ৰাজ্যৰ বুৰঞ্জীসমূহ ৰচিত হৈছিল। পাদশ্যাহ বুৰঞ্জী, বর্ধমানৰ বুৰঞ্জী আদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।
কটকী বুৰঞ্জী প্ৰকৃততে কটকীসকলৰ অভিজ্ঞতাৰ বিৱৰণহে। অন্যান্য ৰাজ্যৰ লগত যোগাযোগ স্থাপনকাৰী, কটকীসকলেও নিজাববীয়াকৈ তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰি ৰজাৰ ওচৰত নিবেদন কৰিছিল। এই সকলোবোৰ সমষ্টিক কেন্দ্ৰ কৰিয়েই কটকী বুৰঞ্জীসমূহ ৰচিত হৈছে। সেইদৰে ৰাজ্যৰ চাৰিসীমাৰ চকীসমূহত থকা চকীয়াল সকলে চকীৰ খৰচ পাতি, কাম-কাজ আৰু ৰাজনৈতিক কাৰ্যৰ বিষয়ে লিখা বিৱৰণেই চকীয়ালৰ বুৰঞ্জী। চাংকং ফুকনৰ বুৰঞ্জী হল চাং-কং ফুকনে লিখি ৰখা ৰজাৰ কাৰেংঘৰ, শিঙৰি ঘৰ, বৰঘৰ, চৰাঘৰ, মঠ-মন্দিৰ প্ৰভৃতিৰ নিৰ্মাণৰ আৰু সিবোৰ নিৰ্মাণত হোৱা খৰচ পাতিৰ বিৱৰণ।
এইদৰে আহোম ৰজাসকলৰ ৰাজত্ব কালত ৰচিত বিভিন্ন শ্ৰেণীৰ বুৰঞ্জী সাহিত্যই অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল।